আপোন পদূলি
(পুলক জ্যোতি শৰ্মা)
সপোনৰ বেহা মেলোঁ বুলি
ৰ’দজাক চোকা হওঁতেই এৰি আহিলোঁ পুৱাৰ ওমলা পদূলি
আহিবৰ পৰত আয়ে বৰ আশাৰে ক’লে
--- সোনকালে উভতি আহিবি
দেউতাই মূৰ শুঙি ক’লে
--- খবৰ-খাতিবোৰ দি থাকিবি
আই ৰৈ থাকিল পদূলিত
হাতত আকলুৱা মৰমৰ জলপান এবাটি লৈ
ভোকে-পিয়াহে উভতি আহিলে এগৰাহ খুৱাবলৈ
দেউতাই ছাতিটো মেলি
ডিঙি মেলি মেলি চাই থাকিল
ভাগৰে-জুগৰে উভতি আহিলে জুৰণিৰ ছাঁ দিবলৈ
বেহাত কোনোবাটো সপোনৰ দৰ উঠিল
কোনোবাটোৰ নুঠিল
কোনোটো সোঁতত উটি গ’ল
কোনোবাটো আকৌ সামৰণতে ৰ’ল
বেহাৰ ধামখুমিয়াত
আহৰি নহ’ল চকু ঘূৰাই চাবলৈ
সময় নহ’ল উভতিবলৈ
আই-বোপায়ে সজা পদূলিলৈ
পাৰ হোৱা পল দণ্ডৰ হিচাপ মোৰ শৰীৰতে আঁক মাৰি মাৰি ৰাখি
সময়েই দিলেহি সোঁৱৰণি এৰি অহা পদূলিৰ
উমান নামি অহা গধূলিৰ
বেহা সামৰি উভতিব খোজোতেই দেখিলোঁ
বহু দূৰ এতিয়া এৰি অহা পদূলি
সেয়া মাথো গুচিযোৱা পলৰ ধূসৰ ছবি
তলসৰা ফুলৰ সুৰভি
ৰৈ ৰৈ ভাগৰ লগাত ছাতিটো জপাই
দেউতা শুই পৰিল
কাঁহি–বাটি সামৰি আয়েও ল’লে কাতি
জলপানৰ মলমলীয়া গোন্ধ চৌপাশে ওলোমাই থৈ
আৰু এই বিয়লিত
ৰৈ আছো নিজে সজা পদূলিত
হাতত লৈ আকলুৱা জলপান এবাটি
আৰু এটা মেলা ছাতি
ল’ৰা-ছোৱালীহঁত ভোকে-পিয়াহে উভতি আহিলে এগৰাহ খুৱাবলৈ
ভাগৰি-জুগৰি আহিলে ছাঁ দি জুৰাবলৈ
মন দুৰু দুৰু
হয়তোবা সপোনৰ বেহাত মোলান পৰিব সিহঁতৰ ওমলা পদূলি
হাতৰ জলপান বাটি হাততে ৰ’ব মলঙি
কৰবাত চাগে ঠন ধৰি উঠিব সিহঁতৰো আপোন পদূলি
********